Show/Hide Keyboard Layout

চৰাই বনৰীয়া

- জ্যোতিপ্ৰসাদ আগৰৱালা

চৰাই বনৰীয়া

মুকলিমূৰীয়া

গাৱ বনৰীয়া গীত

মনে উৰো উৰো

কৰে তোৰ লগতে

মোৰে উৰণীয়া চিত ।

 

ঊষা জিৰণীয়া

পাই লগৰীয়া

সন্ধিয়াৰ দেশলৈ যায়

অকলেনোশৰীয়া

কৰি মোক সখীয়া

গ’লা মিলনৰে নিশাটি পাই ।।

Hits: 1462